এনেদৰেই
ৰাতিবোৰ হাওলি পৰে
অপভ্ৰংশ জোনৰ
এখামোচ বিচাৰি
আমি গৈ থাকো
ছাঁ-পোহৰৰ
দীঘল বাট
©ময়ূৰ
২৩ জুন,২০১৩
এনেদৰেই
ৰাতিবোৰ হাওলি পৰে
অপভ্ৰংশ জোনৰ
এখামোচ বিচাৰি
আমি গৈ থাকো
ছাঁ-পোহৰৰ
দীঘল বাট
©ময়ূৰ
২৩ জুন,২০১৩
কোন কাৰ বাবে ৰৈ থাকে !
জীৱন,
প্ৰভাতী পখীৰ গান
চিনাকি বাটেদি গৈ থাকে
অচিন চিনাকি বাটৰুৱা
ৰৈ থাকে মাথোঁ
ৰাতিৰ কজলা পাহাৰ
শূণ্য কোঠাত উচুপে
শুভ কামনাৰ উপহাৰ
ময়ূৰ
২৩ এপ্ৰিল ,২০১৩
মোৰ জানো মন নেযায়
খুলি থওঁ এই
দুখৰ পোছাক?
গালে মুখে সানি লওঁ
জীৱনৰ ৰঙীণ আবিৰ !
মই যে নিৰূপায়
মোৰ নিসংগ পৃথিৱীত
এটাই মাথোঁ ঋতু
নাম যাৰ শীত
ময়ূৰ
২৮ এপ্ৰিল,২০১৩
মেঘৰ চুবুৰিত
বাজিছে আজি
ৰাগ মেঘমল্লাৰ
আকাশৰ
চিপচিপ কান্দোন
এয়া কাৰ বিদায়ৰ দুখ
মোৰ পদূলিত গোন্ধাইছে
বিষণ্ণতাৰ খৰিকাজাঁই
বুকুৰ সজাঁত ধৰফৰায়
অচিন নীলা চৰাই
চকুৰ পতাত
নিস্তেজ উদাসীনতা
অনাথ হৈ উচুপিছে
আৰু এটা চালুকীয়া সন্ধ্যা
ময়ূৰ
২২ এপ্ৰিল ,২০১৩
(১)
বুকুৰ উপত্যকাত
হাহাকাৰৰ নিস্তব্ধতা
বালিচৰত লাগি ৰয়
সুখৰ নাওঁ
(২)
এনেদৰেই পাৰ হ'ল মোৰ
কতদিন কতৰাতি
শিতানত মৃত জোন
বুকুত ভাগৰুৱা বেলি
ময়ূৰ
২৭ এপ্ৰিল,২০১৩
বুকুৰ ভিতৰত
তোলৈয়ে ৰাখিছিলো
আছুতীয়াকৈ মৰমবোৰ
নেজানো
তই কেলে বুজি নেপালি
এতিয়া
পথাৰখনৰ সেওঁতা ফলা
চিকুণ বাটটোৰ কেঁকুৰিত
ৰাতি ৰাতি তোৰ নূপুৰ বাজে
চিতাজুইত হাত সেকি
মই শুনি থাকো
নূপুৰৰ ৰুণজুন
মানুহ এটাক মৰাশ কৰা
সেই ৰুণজুন
—ময়ূৰ
২০ নৱেম্বৰ,২০১০
মই যিটো সুৰ গুণগুণাই আছিলো
তুমি তাৰ নাম দিলা
উচুপনি
যেন
হঠাতে চক্ খাই উৰি গ'ল
এজাক বনৰীয়া চৰাই
কিয় সদায়ে এনে হয়
কিয় ইমান বিবৰ্ণ হয় জীৱন
কিয় ইমান বন্ধ্যা হয় সময়
মইতো কান্দিব বিচৰা নাই
মই হাঁহিবলে শিকা নাই
মৃত্যুৰ বাহিৰে
মই একো প্ৰাৰ্থনা কৰা নাই ?
মই বিষণ্ণ ৰামধেনু
চাব নোৱাৰো
আকাশক কোৱা
উভটাই নিয়ক
দুখৰঙী বৰষুণ
ধাৰলে দিয়া
মোৰ তেজত এচেৰেঙা ৰ'দ
আজি হওঁক
মোৰ তেজ উমাল
আজি হওঁক
মোৰ জীৱন জীপাল
আজি মই
ভালপোৱাৰ গান গাম
— ময়ূৰ
২৩ মাৰ্চ,২০১৩
চৰাই এটি হৈ
খুটি খুটি খোৱাহি
দুখৰ ধান
মোৰ বুকুলে চোন
কাহানিও নাহে
ভৰপক আঘোণ
দাই নিব নোৱাৰো দুখৰ ধান
তুমিতো জানাই
মই কঙাল
চৰাই এটি হৈ
খুটি খুটি খোৱাহি দুখৰ ধান
— ময়ূৰ
২০ মাৰ্চ ২০১৩ ৷
মা,
তোৰ হাঁহিত উজলে
মোৰ এখুদমান আকাশ
তোৰ চাদৰৰ আঁচলত
মোৰ দুখহীন পৃথিৱীৰ
চাবি কাঠী
( মা,তোৰ বাবে কাহানিও লিখিব নোৱাৰিলো কবিতা,আজিও পৰা নাই, তোৰ মৰমৰ বিশালতাত নি:স্ব মোৰ শব্দৰ পৃথিৱী,তোৰ হাতত)
-ময়ূৰ
১৩ মাৰ্চ,২০১৩
মোৰ ৰাতিবোৰৰ নীৰৱতাত
ভালপোৱাৰ অস্ফুট গুণগুণ
শুন্যতাৰ অনুভৱত
জোনাক জিলিকা জীৱনৰ প্ৰাৰ্থনা
মই যে তোমাক ভালপাওঁ
ভালপোৱাৰ হেজাৰটা বসন্তৰ কামনাৰে
তোমাৰ মুখলে চাই ৰওঁ
তোমাক হেৰুৱাৰ আতংকেৰে
পাৰ হৈ যাওঁ
ৰৌদ্ৰজ্বল বাটৰ আকুলতা
এৰি থৈ গুচি যাওঁ তোমাক
হাতত গুজি দি
যাযাবৰী জীৱনৰ ঠিকনা
মই যে তোমাকেই ভালপাওঁ
তোমাক ভালপাওঁ
সেই একেই যন্ত্ৰণাৰে
পুণৰ উভটি আহো
বালিচৰত আঠুকাঢ়ি
মোৰ অৰ্থহীন জীৱনক শাওঁপাত দিওঁ
চকুপানীৰে ধুৱাই তোমাৰ চিকুণ পুৱা
হেজাৰবাৰ আওঁৰাও
প্ৰেমৰ সেই প্ৰাচীন কবিতা
মই তোমাক ভালপাওঁ
মই তোমাক ভালপাওঁ
-ময়ূৰ
অক্টোবৰ,২০১২ চন ৷
সুধিম সুধিম বুলি
যি কথা সোধা নহ'ল
আজিও
ক'ম ক'ম বুলি
যি কথা কোৱা নহ'ল
আজিও
বুজি বুজিও
যি কথা নুবুজিলো
আজিও
ভাৱি ভাৱিও
যি উত্তৰ বিচাৰি নেপালো
আজিও
সেইবোৰেই
সংগোপনে
গঢ় দিছে বুকুৰ মাজত
এপাহ নুফুলা ফুলৰ সমাধি
-ময়ূৰ
২০০৬ চন ৷
কৈ বুজাব নোৱাৰো
বুকুৰ হাহাকাৰ
কোনে চুব পাৰে
কোনে ক'ব পাৰে
লালন পালন কৰো
বুকুৰ গভীৰত
সংগোপনে
এই হাহাকাৰে মোক জীয়াই ৰাখে
কি দিন
কি ৰাতি
অহোৰাত্ৰ পঢ়িবলে শিকায়
দুখৰ প্ৰাচীন সাঁচিপাত
শীতল তেজত
প্ৰোথিত হয়
নিৰ্মোহ জীৱনৰ সংজ্ঞা
-ময়ূৰ
২০০৮ চন ৷
হেঁপাহটো জোন ওলমিল
বুকুৰ আকাশত
-মই চুব নোৱৰা দূৰত্বত
মই হেৰাব নোৱাৰো
যি মগ্নতাত
মাজৰাতি
তাতেই মোচৰ খাই উঠিল
কলিজাৰ তেজ ৰঙা গোলাপ
-ময়ূৰ
২০০৯ চন ৷
চহৰখনলৈ শীত নামিছে
পাঁচবজাৰ এলাৰ্মত
আজি উঠিবলে মন যোৱা নাই মোৰ
মহানগৰৰ চিকুণ পুৱা
এইমাত্ৰ ভাগি যোৱা
সপোনটোত
তোমাক দেখিছিলো
বহুদিন পিছত
ওৰেৰাতি সপোনত
তোমাৰ স'তে বহি আছিলো
আমি পঢ়ি অহা কলেজখনৰ
কৃষ্ণচূড়াজোপাৰ তলত
তোমাৰ ক্ষন্তেকিয়া সান্নিধ্যত
এতিয়াওঁ
উমাল মোৰ বৰ্তমান,ভৱিষ্যৎ
চহৰখনলৈ শীত নামিছে
তুমি গুঠি দিয়া
হালধীয়া চুৱেটাৰটো পিন্ধি
জেপত দুহাত ভৰাই
পুণৰ
মোৰ দুৱাৰদলিত উপস্থিত
বিষাদ
কুঁৱলীয়ে
আজিও ঢাকিব পৰা নাই
তোমাৰ স্মৃতি
চাৰি দহক পুৰণি
এটা প্ৰাত:ভ্ৰমণৰ কাহিনী
তোমাৰ হাতত
মোৰ চেঁচা হাতৰ
অজানিত প্ৰথম পৰশ
আৰু
শিহৰিত হোৱা তোমাৰ দুচকুৰ চাৱনি
এক লহমাৰ সেই কুহুমীয়া উত্তাপ
ৰুম হিটাৰেও পাহৰাব পৰা নাই
সেই উত্তাপ
আজিও
এৰা,চহৰখনলৈ শীত নামিছে
শীত নামিছে
মোৰ পকি যোৱা চুলিত
আৰু সোতোৰা পৰা ছালত
এতিয়া
দুটা দহকৰ শীতৰ বুৰঞ্জী
-বিচ্ছেদৰ
চহৰখনলৈ শীত নামিছে
তোমালৈ মোৰ আকৌ মনত পৰিছে
— ময়ূৰ
৭ নৱেম্বৰ,২০১১
কতদিন
পদূলিৰ পৰাই
উভতি গৈছে
ৰ'দ
খিৰিকিৰ আৰত
উচুপিছে জোন
ওৰেৰাতি
মাথো
তুমি দেখা নাই
তুমি জনা নাই
— ময়ূৰ
২ মাৰ্চ,২০১৩
আজিকালি,
প্ৰায়েই পাহৰি যাওঁ
হাঁহি হাঁহি কান্দো
নে
কান্দি কান্দি হাঁহো
সুখ-দুখ
যেন
ভাওনাৰ পোছাক ৷
— ময়ূৰ
২০১১ চন
শেষত
সকলোৱে গুচি যায় এৰি থৈ
যিদৰে
ৰান্ধনী বেলি গুচি যায় এৰি থৈ
প্ৰিয়তমা পৃথিৱী
জোনে এৰি যায়
উজাগৰী ৰাতি
স্বপ্নৰ ৰেলগাড়ী
আহে আৰু যায়
এৰি যায়
চিনাকী জংচন
শেষত
সকলোৱে গুচি যায়
এৰি থৈ
মাথো
বুকুৱেদি উজাই ৰয়
বিষাদৰ চৈ দিয়া নাওঁ
নিৰৱধি
— ময়ূৰ
৩ ফেব্ৰুৱাৰী,২০১৩
বুকুৰ মাজত
ফুলিছে নেকি
দুখৰ ৰঙা ৰঙা শিমলু
ফুলিছে যদি
ফুলিবলে দিয়া
এতিয়াযে
বতাহতো নামিছে
ফাগুণ
— ময়ূৰ
২০১০ চন
বন্ধু,
মই কিদৰে জনাওঁ তোমাক
দেশৰ খবৰ ?
ইয়াতচোন
সকলোবোৰেই এতিয়া
নিথৰ সময়ৰ
ৰুদ্ধশ্বাস আৰ্তনাদ
— ময়ূৰ
ৰাতি ৰাতি
বুকুৱেদি চলি থাকে
স্বপ্নৰ ৰেলগাড়ী
ঝক্ঝক্
ঝক্ঝক্
চকুৰ পতাত
সাৰে ৰয়
দূৰণিৰ জংচন
—ময়ূৰ
১৮ ফেব্ৰুৱাৰী,২০১৩
আৰু এনেকৈয়ে
এদিন
নদী বাঢ়ি সাগৰ হ'ল
সাগৰ শুকাই
শেলুৱৈ ৰ'ল
এতিয়া,
বালিচৰত উচুপে
ৰান্ধনী বেলি
শামুকৰ খোলাত সোমাই
উচুপে জীৱন
— ময়ূৰ
নৱেম্বৰ,২০১২,
হেৰুৱাই হেৰুৱাই
নেহেৰায় কি
-সপোন
যেন
ৰেলআলিৰ দূৱৰিবন
হেজাৰবাৰ মৰে
হেজাৰবাৰ জীয়ে
-ময়ূৰ
মাৰ্চ, ২০০৮ চন
কেৱল গৈ থাকিলেই পালেগৈ বাট
বাট এৰি অবাটে ন'গলেহেঁতেন কোনো
অথবা
নাহিলহেঁতেন উভতি
বাটৰুৱা
অন্ততঃ
হেৰুৱালৈকো যে লাগে
এটা ঠিকনা
-ময়ুৰ
০৮৷০১৷২০১৩
ভাত বাঢ়িবলৈ কৈ
ওলাই যোৱা মানুহজন
ৰাতিদুপৰলে উভতি নাহিল
আগদিনা
ঘৰৰ মূধচত হুদু পৰিছিল
হুদু পৰিছিল
তাইৰ বুকু কঁপিল
কোনোবাই ক'লে
মানুহজন মৰিল
দুপৰীয়া বজাৰত
বোমা ফুটিছিল
বোমা ফুটিছিল
তাই সেয়া বুজি নেপায়
তাইক তাইৰ মানুহজন লাগে
তাইৰ মানুহজন
তেওঁ ঘূৰি আহিব
তাই কয়
তেওঁ ঘূৰি আহিব
সিহঁতৰ বিয়া হোৱাৰ তিনিমাহ হৈছিল
মানুহজন ঘূৰি নাহিল
তাই ৰৈ থাকিল
ৰৈ থাকিল
-ময়ুৰ
৯৷১৷২০১৩